Exodus
যাত্রাপুস্তক
ইস্ৰায়েলৰ সন্তানবিলাকৰ বৃদ্ধি।
1
1 যাকোবৰ লগত, ইস্ৰায়েলৰ যিবিলাক পুত্ৰই নিজ পৰিয়াল লৈ মিচৰ দেশলৈ আহিছিল, সিবিলাকৰ নাম এই এই; 2 ৰূবেণ, চিমিয়োন, লেবী আৰু যিহূদা; 3 ইচাখৰ, জবূলূন, আৰু বিন্যামীন; 4 দান আৰু নপ্তালী; গাদ আৰু আচেৰ। 5 যাকোবৰ পৰা উৎপন্ন হোৱা প্ৰাণী সৰ্ব্বমুঠ সত্তৰ জন; যোচেফ হ’লে মিচৰতে আছিল; 6 পাছে যোচেফে, তেওঁৰ ভায়েক-ককায়েকবিলাক, আৰু সেই কালৰ সকলো লোক মৰিল। 7 তাৰ পাছত ইস্ৰায়েলৰ সন্তানবিলাক বহুবংশ হৈ অতিশয় অধিক হ’ল; আৰু বাঢ়ি বাঢ়ি অতিশয় বলৱন্ত হ’ল; তাতে সিবিলাকেৰেই দেশ পৰিপূৰ্ণ হ’ল।
ইস্ৰায়েলৰ সন্তানবিলাকে উপদ্ৰৱ পোৱা।
8 সেই কালত মিচৰৰ ওপৰত, যোচেফক নজনা এনে এজন নতুন ৰজা হল । 9 তেওঁ তেওঁৰ প্ৰজাবিলাকক কলে, চোৱা, ইস্ৰায়েল জাতি আমাতকৈ সৰহ আৰু বলৱন্ত । 10 আহাঁ, আমি সিহঁতৰ লগত টেঙৰালিৰূপে ব্যৱহাৰ কৰোঁহঁক; তেনে নকৰিলে, সিহঁত আৰু বাঢ়িব; তাতে কোনো যুদ্ধ হ’লে, সিহঁতেও আমাৰ শত্ৰুবোৰৰ লগত যোগ হৈ আমাৰে সৈতে যুদ্ধ কৰিব, আৰু দেশৰ পৰা ওলাই যাব। 11 এই হেতুকে, মিচৰীয়াহঁতে সিবিলাকক ভাৰ বোৱাই দুখ দিবৰ নিমিত্তে, সিবিলাকৰ ওপৰত কাৰ্য্যাধ্যক্ষ নিযুক্ত কৰিলে। পাছে সিবিলাকে ফৰৌণৰ নিমিত্তে পিথোম আৰু ৰামিচেচ নামেৰে, শস্য সাঁচি থোৱা দুখন নগৰ নিৰ্ম্মাণ কৰিলে। 12 কিন্তু সিবিলাকক যিমানকৈ দুখ দিলে,সিবিলাক সিমানকৈ বৃদ্ধি পাবলৈ আৰু ব্যাপ্ত হবলৈ ধৰিলে। তাতে, ইস্ৰায়েলৰ সন্তানবিলাকৰ পৰা মিচৰিয়াহঁতে অতিশয় ভয় পাই, 13 ইস্ৰায়েলৰ সন্তানবিলাকক নিৰ্দ্দয়ৰূপে বন্দীকাম কৰাই, 14 বোকা, ইটা, আৰু পথাৰৰ সকলো বিধৰ টান কামৰ দ্বাৰাই সিবিলাকৰ জীৱনত তিতা লগালে; সিহঁতে সিবিলাকক যি যি বন্দীকাম কৰাইছিল, সেই সকলোকে নিৰ্দ্দয়ৰূপে কৰাইছিল।
15 পাছে মিচৰৰ ৰজাই চিফ্ৰা আৰু পুৱা নামেৰে দুজনী ইব্ৰীয়া ধাত্ৰীক কলে, 16 যি সময়ত তহঁতে ইব্ৰীয়া তিৰোতাবিলাকক প্ৰসৱ কৰাৱ, আৰু প্ৰসৱৰ আসনত দেখ, তেতিয়া ল’ৰা হলে তাক বধ কৰিবি, ছোৱালী হলে তাই জীয়াই থাকিব। 17 কিন্তু ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰি, মিচৰৰ ৰজাৰ আজ্ঞামতে নচলি, ল’ৰাবিলাকক জীয়াই ৰাখিলে। 18 তাতে মিচৰৰ ৰজাই ধাত্ৰী দুজনীক মতাই নি ক’লে, তহঁতে এনে কাম কৰিলি ? ল’ৰাবোৰক নো কিয় জীয়াই ৰাখিলিহঁক ? 19 তেতিয়া ধাত্ৰী দুজনীয়ে ফৰৌণক ক’লে, ইব্ৰীয়া তিৰোতাবিলাক মিচৰীয়া তিৰোতাবিলাকৰ নিচিনা নহয়; কিয়নো সিহঁত বলী, আৰু সিহঁতৰ ওচৰলৈ ধাত্ৰী যোৱাৰ পুৰ্ব্বেই, সিহঁতে প্ৰসৱ কৰে। 20 পাছে ঈশ্বৰে সেই ধাত্ৰী দুজনীৰ মঙ্গল কৰিলে; আৰু লোকবিলাক বৃদ্ধি পাই অতিশয় বলবন্ত হ’ল। 21 ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰা হেতুকে, তেওঁ সিহঁতৰ বংশ বৃদ্ধি কৰিলে। 22 পাছে ফৰৌণে নিজৰ সকলো প্ৰজাকে এই আজ্ঞা কৰি ক’লে, তোমালোকে নতুন কৈ জন্মা প্ৰত্যেক ল’ৰাক নদীত পেলাই দিবা, কিন্তু প্ৰতিজনী ছোৱালীক হ’লে জীয়াই ৰাখিবা।