2
1 এইদৰে আকাশ-মণ্ডল, পৃথিবী আৰু সেই উভয়ত থকা সকলো পদাৰ্থ নিৰ্ম্মাণ কৰি অতোঁৱা হ’ল। 2 সপ্তম দিনা ঈশ্বৰে নিজে কৰা কাৰ্য্য কৰি অঁতাই, নিজে কৰা সকলো কাৰ্য্যৰ পৰা সপ্তম দিনা বিশ্ৰাম কৰিলে। 3 আৰু ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলে; কিয়নো ঈশ্বৰে নিজে সৃষ্টি কৰা আৰু নিৰ্ম্মাণ কৰা সমুদায় কাৰ্য্যৰ পৰা সেই দিনা বিশ্ৰাম কৰিলে।
প্ৰথম মনুষ্যৰ বিৱৰণ
4 আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰা কালৰ, ঈশ্বৰ যিহোৱাই পৃথিবী আৰু আকাশ-মণ্ডল নিৰ্ম্মাণ কৰা দিনৰ, সেই উভয়ৰ বিৱৰণ এই। 5 তেতিয়াও পৃথিবীত কোনো পথাৰত একো গছ তৃণ আদি উৎপন্ন পোৱা নাছিল, আৰু পথাৰত কোনো শস্যাদিৰ গছো গজা নাছিল; কিয়নো তেতিয়াও ঈশ্বৰ যিহোৱাই পৃথিবীত বৰষুণ বৰষোৱা নাছিল, আৰু মাটি চহাবলৈ মানুহো নাছিল। 6 পাছে পৃথিবীৰ পৰা কুঁৱলী উঠি গোটেইখন ভুমি ভিজালে। 7 আৰু ঈশ্বৰ যিহোৱাই মাটিৰ ধুলিৰে মানুহ নিৰ্ম্মাণ কৰি, তাৰ নাকত ফুঁ দি প্ৰাণ-বায়ু সুমুৱাই দিলে; তাতে মানুহ জীয়া প্ৰাণী হ’ল। 8 পাছে ঈশ্বৰ যিহোৱাই পুবফালে এদনত এখন বাৰী পাতি, নিজে নিৰ্ম্মাণ কৰা মানুহক তাত থলে। 9 আৰু দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল, এনে সকলো জাতৰ বৃক্ষ ঈশ্বৰ যিহোৱাই মাটিৰ পৰা উৎপন্ন কৰিলে; তাত বাজে বাৰীৰ মাজত জীৱন-বৃক্ষ, আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো তেওঁ উৎপন্ন কৰিলে। 10 বাৰীত পানী দিবৰ নিমিত্তে এদনৰ পৰা এখন নৈ ওলাই, সেই ঠাইৰ পৰা বেলেগ বেলেগ হৈ, চাৰি সোঁতা নৈ হ’ল। 11 প্ৰথম নৈৰ নাম পীচোন; সি সোণ উৎপন্ন হোৱা সমুদায় হবীলা দেশকে মেৰাই গৈছে; 12 সেই দেশৰ সোণ উত্তম; তাতে গুগগুলু আৰু বহুমুলীয়া বাখৰ পোৱা যায়। 13 দ্বিতীয় নৈৰ নাম গীহোন, সি কুচ দেশখনক মেৰাই গৈছে। 14 তৃতীয় নৈৰ নাম হিদ্দেকল, সি অচুৰ দেশৰ সন্মুখেদি বৈ গৈছে। চতুৰ্থ নদীৰ নাম ফৰাৎ।
15 পাছে ঈশ্বৰ যিহোৱাই মানুহক নি, এদনত থকা বাৰীৰ বন কৰিবলৈ আৰু তাক ৰাখিবলৈকো তাত থলে। 16 আৰু ঈশঅবৰ যিহোৱাই মানুহক এই আজ্ঞা দিলে, বোলে, তুমি বাৰীৰ সকলো বৃক্ষৰ ফল স্বচ্ছন্দে খাব পাৰা; 17 কিন্তু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হ’লে নেখাবা; কিয়নো যি দিনা তাক খাবা, সেই দিনাই তুমি অৱশ্যে মৰিবা।
18 পাছে ঈশ্বৰ যিহৱোই ক’লে, মানুহ অকলে থকা ভাল নহয়; মই তাৰ নিমিত্তে তাৰ এক উপযুক্ত সহকাৰী নিৰ্ম্মাণ কৰিম। 19 ঈশ্বৰ যিহোৱাই সমুদায় বনৰীয়া জন্তু আৰু আকাশৰ আটাইবোৰ চৰাই মাটিৰে নিৰ্ম্মাণ কৰিলে; পাছে মানুহে সেইবোৰৰ নাম কি কি থব, তাক চাবলৈ, তেওঁ সেইবোৰক মানুহৰ ওচৰলৈ আনিলে; তেতিয়া মানুহে সকলো জীৱ-জন্তু যাৰ যি নাম দিলে, সেয়ে তাৰ নাম হ’ল। 20 এই দৰে মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তু, এই সকলোবোৰৰে নাম দিলে; কিন্তু মানুহৰ নিমিত্তে উপযুক্ত সহকাৰী পোৱা নগ’ল। 21 পাছএ ঈশ্বৰ যিহোৱাই মানুহৰ ঘোৰ টোপনি অনাত, তেওঁ ঘোৰ টোপলি গ’ল; আৰু তেওঁ তাৰ এডাল কামী-হাড় উলিয়াই, সেই ঠাই মঙহেৰে পুৰালে। 22 আৰু ঈশ্বৰ যিহোৱাই মানুহৰ পৰা উলিওৱা কামী-হাড়ডালেৰে এজনী স্ত্ৰী নিৰ্ম্মাণ কৰি, মানুহৰ ওচৰলৈ আনিলে। 23 তেতিয়া মানুহে ক’লে, এতিয়া হ’লে, এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ; এওঁক নাৰী বুলি মতা হ’ব; কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে। 24 এতেকে মানুহে নিজ পিতৃ মাতৃক ত্যাগ কৰি, নিজ তিৰোতাত আসক্ত হ’ব, আৰু সিবিলাক দুয়ো এক দেহ হ’ব। 25 সেই সময়ত মানুহজন আৰু তেওঁৰ তিৰোতা দুয়ো বিবস্ত্ৰ আছিল; কিন্তু তাক লাজ বুলি নেজানিছিল।